Friday 26 August 2016

::চিয়াচেনৰ জাগ্ৰত প্ৰহৰী::

(লেখাটোৰ সামগ্ৰিক ধাৰণাটো বন্ধু সোমনাথ আৰু অংশুমানৰ বাৰ্তালাপৰ গাত ভেঁজা দি সাঁজু কৰা হৈছে)

চাৰিওফালে সিঁচৰিত হৈ থকা প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰৰ আঁৰত দুই চাৰিজনকৈ সৈন্য ইফালে সিফালে বহি আছে৷ যিমান দুৰলৈ চকুৱে মণিব পাৰে সিমানলৈ কেৱল বগা আৰু বগা৷ সমগ্ৰ অঞ্চলৰ ওপৰত এখন যেন বৰফৰ বগা চাদৰ৷ সকলো সৈন্যৰ চকুত প্ৰকাণ্ড চশমা, মুখ ভৰ্তি দাড়ি৷ আচলতে ঠাণ্ডাৰ পৰা বাচিবলৈ এক বৃথা চেষ্টা৷ তাপমাত্ৰা মাইনাচ্ কিমানত আছে ভাবিবলৈওঁ তেওঁলোকৰ মন নাযায়৷

সেই যে এবাল্টি বৰফ লৈ লেকেচিয়াই লেকেচিয়াই যাব ধৰিছে, সেইজন হৈছে হাবিলদাৰ ৰামদত্ত্৷ এই বৰফখিনি এতিয়া গৰম কৰি খোৱাপানী কৰাৰ দায়িত্ব তেওঁৰ৷ বহুবছৰ আগতে ওখ খাৱৈৰ পৰা পৰি ভৰিত বেয়াকৈ আঘাত পাইছিল৷ সেই আঘাতৰ চিন স্বৰূপে লেকেচিয়াই খোজ কঢ়াটো থাকিয়েই গ'ল৷

- ৰামদত্ত্, চাহৰ যোগাৰ কৰিব লাগিছিল নহয়৷

লেফটেনেন্টৰ চিঞৰ শুনি ৰামদত্তে ঘূৰি চালে৷ সন্মতিসূচক ভংগীৰে লগে লগে যোগাৰত লাগি গ'ল৷ দেখি ভাৱ হৈছে এই ঠাইখিনি চাগে পাকিস্থানী আৰ্মীৰ ফায়াৰিং ৰেঞ্জৰ বাহিৰত৷ কাৰণ ওচৰে পাজৰে কতো বাংকাৰ বা খাল চকুত পৰা নাই৷ বৰঞ্চ সকলো বেচ নিৰাপদেই ঘূৰা ঘূৰি কৰি থকা যেন ভাৱ হৈছে৷

বুকুৰ বাওঁফালে লেফটেনেন্টৰ ইউনিফৰ্মজোৰৰ ওপৰত তেখেতৰ নামটো জিলিকি আছে, - "ৰাজীৱ পাণ্ডে"৷ আগন্তুকে মন দি নামটো পঢ়িবলৈ চেষ্টা কৰোতেই লেফটেনেন্টে মাত দিলে,
-   নাম? ইউনিট?
-   জয় হিন্দ চাহাব৷ চুবেদাৰ নাগেশ… আলফা কোম্পানী, ১৯ বেটেলিয়ন, মাদ্ৰাজ ৰেজিমেন্ট৷

চুবেদাৰ নাগেশ, কাঢ়া অনুশাসন আৰু গম্ভীৰ স্বভাৱৰ বাবে নিজৰ ইউনিটত সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ এক যুঁজাৰু সৈনিক৷ চুবেদাৰ নাগেশৰ সৈতে অহা আঠজন সৈন্য ইফালে সিফালে বহি পৰিছে৷ কোনোবাজন আকৌ ৰ'ব নোৱাৰি শুই পৰিছে৷ কম ডাঙৰ ঘটনা ঘটি গৈছেনে সিঁহতৰ জীৱনত৷ গোটেইকেইজন ভাগি পৰিছে… শাৰিৰীকভাৱে, মানসিকভাৱে৷

- পেট্ৰোলিঙত ওলাইছিল আপোনালোক? কোন পোষ্ট?
- হয় চাৰ৷ পেট্ৰোলিঙত আছিলো৷ আমি দহজনৰ চাব-ইউনিট৷ কি যে হৈ গ'ল নহয়, এজনকতো এতিয়াওঁ বিছাৰিয়েই পোৱা নাই৷

নাগেশে এনেই ইফালে সিফালে চকু ফুৰালে৷ পিছফালেই অৱশ, ক্লান্ত শৰীৰটো শিল এটাত ভেঁজা দি বহি আছে চিপাহী মুস্তাক আহমেদ৷ ইমান ভাগৰতো মুস্তাকে মোনা আৰু ৰাইফল মাটিত থোৱা নাই৷ কাৰণ এতিয়াওঁ চুবেদাৰে টহল সমাপ্ত কৰাৰ হুকুম দিয়া নাই৷ দলটোৰ বাকীসকলো ইফালে সিফালে একেদৰেই ৰৈছে৷

আনদিনাৰ দৰে টহল দিবলৈ ওলাই গৈছিল দহজনীয়া দলটো৷ ১৯৬০০ ফুট উচ্চতাত চালতাৰো ৰেঞ্জৰ ওপৰতেই চোনাম পোষ্ট৷ তাতেই খুটি পুতি বহিছে ভাৰতীয় সৈন্যৰ এটা বাহিনী৷ ১৫ কিলোমিটাৰ আঁতৰত চিয়াচেন হিমবাহ৷ এই মৰ ঠাণ্ডাত তেওঁলোকে এই বৰফৰ দেশত দিনে ৰাতিয়ে পহৰা দিয়ে৷ চোনাম পোষ্টৰ পৰা অলপ তললৈ নামিলেই পাকিস্থানী চকী৷ দুয়োপক্ষৰ শেন দৃষ্টিৰ সাক্ষী সেই অঞ্চল৷ সদায়েই টহলত যাব লাগে নাগেশহঁত৷ টহল দিবলৈ গৈয়েই এইবাৰ এই দুৰ্ঘটনা৷

- আচলতে কি ঘটিছিল কওঁকচোন চুবেদাৰ চাহাব৷ মই ঘটনাটো অলপ অচৰপহে জানো৷ আপোনলোক আহিব বুলি খবৰ দিয়াজনে অলপ কিবাকিবি ক'লে৷ আপোনাৰ মুখৰ পৰা ভালকৈ শুনো কথাবোৰ৷
- চাহাব আমি ৰাতিপুৱা ৯টা বজাত চোনামৰ পৰা পেট্ৰোলিঙত ওলালো৷ মই, দুজন হাবিলদাৰ, দুজন লেঞ্চ নায়ক আৰু পাঁচজন চিপাহীৰ স্কোৱাড আমাৰ৷ প্ৰতিদিনৰ দৰে সেইদিনাও আমি ওলাই আহিছিলো৷
এঘন্টামান টহল দিয়াৰ পিছতো সন্দেহজনক একোৱেই চকুত নপৰিল৷ ঠিক তেনে সময়তে সেই ঘটনাটো ঘটিল৷ প্ৰথমতে ভাৱ হৈছিল পাকিস্থানী সৈন্যই মৰ্টাৰ ফায়াৰ কৰিছে৷ আমি আক্ৰমণৰ পৰা বাচিবলৈ বৰফৰ ওপৰত শুই পৰো৷ থিয় দি থাকিলে গোলাৰ টুকুৰাৰ প্ৰকোপত আহত হোৱাৰ আশংকা৷ কিন্তু কেই চেকেণ্ডমানতে বুজিলো আমি ভুল কৰিলো, এয়া মৰ্টাৰ নাছিল৷ এই অদ্ভূত শব্দ ভাঁহি আহিছিল ওপৰৰ পৰা৷ ওপৰলৈ মুৰ তুলি চোৱাৰ পিছত আমি কোনোমতে দুই বা তিনি চেকেণ্ড সময় পাইছিলো৷ এক বিপুল তুষাৰ খণ্ডই সকলোকে মূহুৰ্ততে ঢাকি ধৰিলে৷
- বাপ ৰে! আপোনালোক চাগে গোটেইবোৰ বৰফৰ মাজত সোমাই পৰিছিল?

চুবেদাৰ নাগেশে সৈনিক জীৱনত বহুত উত্থান পতন দেখিছে… তেজ, বোম্ব, ধ্বংস, ঘটনা, দুৰ্ঘটনা৷ এইবোৰ দৈনন্দিন জীৱনত দেখি সৈনিকৰ বুকু হৈ পৰে বজ্ৰকঠিন৷ হৈ পৰে শাৰিৰীক, মানসিকভাৱে যথেষ্ট কঠোৰ৷ কিন্তু কঠোৰ হোৱা স্বত্বেও প্ৰতিটো ঘটনাই বুকুত যেন এটা আঁচোৰ বহুৱাই থৈ যায়৷ চুবেদাৰ নাগেশৰ সৰুতেই আইতাকে কৈছিল, "বোকাৰ মাজত পৰা আঁচোৰ আতৰাবলৈ একেবাৰে সহজ, কিন্তু ইস্পাতৰ দৰে কঠিন মনত যেতিয়া আঁচোৰ পৰে সেই আঁচোৰ মচি দিয়া দূৰহ হৈ পৰে৷

কিন্তু এইবাৰ যেন কিবা ব্যতিক্ৰম৷ বৰফে হেঁচা মাৰি ধৰাৰ পিছৰ মূহুৰ্তখিনি যেন কিবা ধূঁৱলিকুঁৱলী৷ কিবা গধুৰ গধুৰ ভাৱ এটা৷ সেই সৰুতেই দেউতাকৰ চাইকেলৰ কেৰিয়াৰত উঠি স্কুলৰ পৰা ওভটোতে এবাৰ চাইকেলৰ পৰা পৰি গৈছিল নাগেশ৷ অতিকৈ মৰমৰ ফলিখন ভাঙি গৈছিল সেইদিনা৷ নতুন ফলি পিছদিনাই আনি স্বত্বেওঁ নাগেশে সেই মৰমৰ ফলিখনৰ কথা মনৰ পৰা আতৰাব পৰা নাছিল৷ আজি জানো কিয় নাগেশৰ আকৌ সেই মূহুৰ্তবোৰ মনত পৰিছে৷

- মই একো নেদেখা হৈ গৈছিলো৷ সম্বিত ঘূৰাই দেখিলো অলপ দুৰত চুবেদাৰ চাহাবে আকুলভাৱে কিবা বিছাৰিছে৷

দুমগ চাহ হাতত লৈ কথাখিনি কৈ কৈ আগুৱাই আহিল দলটোৰ আটাইতকৈ কমবয়সীয়া চিপাহী সুৰ্য্যবংশী৷ লেফটেনেন্ট আৰু চুবেদাৰক আগুৱাই দিলে চাহৰ মগ৷

- তাৰ পাছত দেখো এজন এজনকৈ সকলো উঠি আহিছে৷ চাৰিওফালে ধোঁৱাৰ আৱৰণ, অসহ্য মূৰৰ বিষ৷ সেই অৱস্থাতো চুবেদাৰ চাহাবে আমাৰ লগে লগে সেই ঠাই পৰিত্যাগ কৰি আগুৱাবলৈ হুকুম দিলে৷ আমি দিগ বিদিগ হেৰুৱাইছিলো৷ ক'ত আছো একো ধৰিব পৰা নাছিলো৷ বহু সময়ৰ পিছত আপোনালোকৰ পেট্ৰলিং পাৰ্টীয়ে আমাক দেখি ইয়ালৈ লৈ আহিলে৷

-  সকলো আল্লাৰ কৃপা চাহাব৷ আমি যে উফৰি গৈ পাকিস্থানী চাউনীত নপৰিলো৷ নিজৰ মানুহেই আমাক বিচাৰি পালেগৈ৷

কাষৰ পৰা মাত দিলে মুস্তাকে৷

পিছফালৰ পৰা আগুৱাই আহিছে কেম্পত আগৰে পৰা থকা এজন চিপাহী৷ মুখত এটা বিষাদৰ হাঁহি৷ ইউনিফৰ্মত নামটো পঢ়িলে মুস্তাকে, ওমৰাজ৷  তাক দেখি মুস্তাকৰ শোক উজাই আহিল৷ এক অজান কষ্ট, নিজৰ আপোনজনক হেৰুৱাৰ কষ্ট৷ দলৰ এজনৰ কোনো খবৰ নাই৷ কি হ'ব পাৰে সকলোৱে অনুমান কৰিছে৷ মুখ খুলি কোনেওঁ একো কোৱা নাই৷

ঘৰৰ কথা মনত পৰিল মুস্তাকৰ৷ কি বা কৰিছে ঘৰত মানুহবোৰে৷ গধুলি হৈ আহিছে৷ দাদাকহঁত খেতি খোলা সামৰি ঘৰলৈ অহাৰ সময়৷ কিয় যে মুস্তাক গাঁৱতেই ৰৈ নগ'ল, এক সুখৰ জীৱন কটাবলৈ৷ কিন্তু কষ্ট হ'লেওঁ তাৰ ফৌজী জীৱন ভাল লাগে৷ যেতিয়া ইউনিফৰ্মজোৰ পিন্ধি সি ওলাই যায়, বাকী মানুহৰ চাৱনিয়ে তাক বুজাই দিছে; এই পোচাকৰ মূল্য, মৰ্য্যাদা কিমান৷ ঘৰলৈ ওভতাৰ পথত স্কুলৰ ল'ৰা- ছোৱালীয়ে যেতিয়া তাক দেখি চেল্যুট কৰে, তেতিয়া তাৰ বুকু গৰ্বত ফুলি উঠে৷

- লেফটেনেন্ট চাহাব৷ আমাৰ পোষ্টত এটা মেচেজ পঠিয়াব পৰা যাব নেকি? আমাৰ ৰেডিঅ' চেটবোৰ কাম কৰা নাই৷
- আমাৰো একে অৱস্থা চুবেদাৰ চাহাব৷ কাইলৈ কিবা এটা কৰিব লাগিব পাৰো যদি৷ আপোনালোকৰ হেৰুৱাজনকো বিছাৰিবলৈ যাব লাগিব৷ বাৰু এটা কাম কৰকচোন, আপোনাৰ সকলোৰে নাম আৰু ৰেংকবোৰ কৈ যাওঁক৷ এটা ৰিপোৰ্ট সাঁজু কৰি ৰখা ভাল হ'ব৷
- লিখক৷ হাবিলদাৰ এলুমালাই, হাবিলদাৰ সুৰেশ কুমাৰ, লেঞ্চনায়ক সুদেশ, চিপাহী সূৰ্য্যবংশী, চিপাহী মুস্তাক আহমেদ, চিপাহী গণেশন, চিপাহী ৰামমূৰ্তি, চিপাহী মহেশ, মই, আৰু…… আৰু……
- কি হ'ল চুবেদাৰ চাহাব?
- আচৰিত কথা চাহাব৷ নামটো কোনোমতে মনত পেলাব পৰা নাই৷
- একো নাই৷ ডাঙৰ ঘটনা ঘটিছে৷ মনটো অলপ খেলিমেলি হোৱাটো স্বাভাৱিক৷
- বেয়া নাপাব চাহাব৷ কিয়যে মনত পেলাব পৰা নাই একো ভাবিবই পৰা নাই৷
- লাহে লাহে সকলো বুজিব৷ আপোনালোকে সময় লওঁক৷
- আমাৰ পেট্ৰলিঙো শেষ নহ'ল চাহাব৷ পেট্ৰলিং শেষ কৰি ৰিপোৰ্ট দিবলৈ আমাক হুকুম দিয়া আছিল৷
- ৰিপোৰ্ট দিব বাৰু৷ টহল শেষ হৈ লওঁক৷ বৰ্তমান মই হুকুম দিছো, আপোনালোক এই পোষ্টতেই থাকিব৷ ঠিক আছে?

**********

- চাহাব…… লেফটেনেন্ট পাণ্ডে চাহাব!! সোনকালে বাহিৰলৈ আহক৷
- কি হৈছে চুবেদাৰ?
- আমাৰ যে এজন হেৰাই গৈছিল, আমি যে নামটো পাহৰি গৈছিলো, সেইজন আজি আহি ওলাইছে চাহাব৷
- হোৱাট্??? ইমান দিনৰ মূৰত? কেনেকৈ?
- হয় চাহাব৷ কি যে কৈ আছে সি, একো ধৰিবই পৰা নাই৷

অলপ আঁতৰত সৈনিকবোৰ জুম পাতি আছে৷ মাজত সেই উভটি অহাজন৷ লেফটেনেন্ট পাণ্ডেৰ হুকুমত সকলো "সাৱধান" পজিচনত থিয় দিলে৷ উভটি অহা সৈনিকজনেওঁ ৰীতি অনুসৰণ কৰি বহাৰ পৰা উঠি চেল্যুট মাৰিলে৷
- ইমান দিন ক'ত আছিলা?
- একো ধৰিব পৰা নাই চাহাব৷ একোৱেই মনত পৰা নাই মোৰ৷ বৰফে মোক আৱৰি ধৰিলে৷ তাৰ পিছত… উশাহ বন্ধ হৈ গ'ল মোৰ… ঠাণ্ডা, খুব ঠাণ্ডা… অন্ধকাৰ… তাৰ পিছত একো নাই৷ দিন, ৰাতিৰ হিচাপ নাই… সকলো অসাৰ৷
- ইমানদিন ক'ত আছিলি একোৱেই মনত নাই তোৰ?

চুবেদাৰ নাগেশ প্ৰচণ্ড উত্তেজিত৷

- ৰ'ব চুবেদাৰ চাহাব৷ এখেতক ক'বলৈ দিয়কছোন৷ আৰু কি মনত আছে?
- ভালকৈ একোৱেই মনত নাই৷ মাজত এবাৰ কুকুৰৰ মাত শুনা যেন পালো… বহুত মানুহ…ঘৰঘৰ শব্দ… চাৰিওফালে  বগা মুখা পিন্ধা মানুহ…  উজ্বল পোহৰ… আৰু একো মনত নাই চাহাব৷ জ্ঞান পায় দেখিলো মই বৰফৰ ওপৰত শুই আছো৷ উঠি বহিলো, আৰু আৰম্ভ কৰিলো উদ্দেশ্যবিহীন যাত্ৰা৷
- হমম্৷ নাম আৰু ৰেংক মনত আছেনে নাই?
- হয় চাৰ, লেঞ্চনায়ক হনুমন্থাপ্পা কোপ্পাড্৷

চুপ হৈ বহি ৰ'ল লেফটেনেন্ট ৰাজীৱ পাণ্ডে৷ হনুমন্তআপ্পাই কিয় একো মনত পেলাব পৰা নাই তেওঁ জানে৷ শিবিৰৰ বাকী ৮৬৯জন সৈনিকেওঁ জানে৷ হনুমন্তাপ্পা, নাগেশহঁতেও লাহে লাহে সত্যৰ মুখামুখি হ'ব৷ ১৯৮৭ চনৰ পৰা ৰাজীৱ পাণ্ডে ইয়াতেই আছে৷ পৃথিৱীয়ে তেওঁলোকক পাহৰি গৈছে৷ কাইলৈ হনুমন্থাপ্পাকো পাহৰিব৷ হয়তো বছৰত এবাৰ ফুলৰ মালা পিন্ধাৰ সৌভাগ্য হ'ব৷ বহুতৰ বাবে সেয়াওঁ মাত্ৰ এক সপোন৷

- চুবেদাৰ নাগেশ৷ গোটেই ইউনিট লৈ ইয়ালৈ আহক৷
- য়েচ্ চাৰ৷
- আপোনাৰ পুৰা ইউনিট সাঁজু??
- সাঁজু চাৰ৷ গোটেই দহজনেই আছো এতিয়া৷
- এক ঘন্টাৰ ভিতৰত পেট্ৰলিঙৰ বাবে সাঁজু হওঁক৷ শেষ কৰি ইয়ালৈ ঘূৰি আহিব, মোক ৰিপোৰ্ট কৰিব৷ এই বেগৰ ভিতৰত মেপ, পেট্ৰলিং ৰুট আৰু কম্পাচ আছে৷ ৪৮ ঘন্টাত পেট্ৰলিং শেষ কৰি ঘূৰি আহিব লাগিব৷ জয় হিন্দ৷
- জয় হিন্দ!!!

সমস্বৰে চিঞৰি উঠিল গোটেই ইউনিটে৷

*********

পৰিশিষ্ট:-

ওপৰৰ লেখাত উল্লেখ কৰাসকল চিয়াচেনৰ শ্বহীদ৷ হনুমন্থাপ্পা কোপ্পাড়ৰ দলত উল্লেখ কৰাসকলে শেহতীয়া ঘটনাক্ৰমত প্ৰাণ হেৰুৱায়৷

লেফটেনেন্ট ৰাজীৱ পাণ্ডে, হাবিলদাৰ ৰামদত্ত্ অাৰু চিপাহী ওমৰাজ আছিল ১৯৮৭ৰ শ্বহীদ৷

এতিয়ালৈ চিয়াচেনত ৮৭৯জন সৈনিক শ্বহীদ  হৈছে, ইয়াৰে প্ৰায় নব্বৈ শতাংশ শ্বহীদ হৈছে চিয়াচেনৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে৷

সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ৷

No comments:

Post a Comment