Friday 26 August 2016

::কাহিনীৰ শেষত::

( ফেচবুকত দুজনমানৰ যিকোনো লেখা দেখিলেই গোগ্ৰাসে পঢ়ো৷ তেনেকুৱা এজনেই হৈছে সঞ্জয় দা ( Sanjoy Bujar Barua)৷ কালি ৰাতি তেখেতৰ পোষ্ট এটা দেখি অনুবাদ কৰাৰ লোভ সামৰিব নোৱাৰিলো৷ অনুবাদ কৰিবলৈ অনুমতি দিয়া বাবে সঞ্জয় দালৈ ধন্যবাদ)

প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উঠি কোনোমতে দুৱাৰখন খুলি বাহিৰলৈ আহিছিলোঁহে, সিমূৰৰপৰা শ্ৰীমতীৰ মাত ভাহি আহিল,
- ফ্লাছ মাৰিলানে?

ধেইত তেৰি!! এইটো কিবা প্ৰশ্ন হ'লনে? পায়খানালৈ গৈ ফ্লাছ মৰাটো মোৰ বাবে এক স্বতঃস্ফূৰ্ত কৰ্ম৷ কাম হৈ গ'ল, থিয় হ'লো, ফ্লাছ মাৰি দিলোঁ...বচ কাম খটম৷ ইণ্ডিয়ান ষ্টাইলৰপৰা ইংলিছ ষ্টাইললৈ প্ৰমোচন পোৱাৰ দিন ধৰি এয়াই কৰি আহিছোঁ৷ এতিয়া এয়া দৈনন্দিন ৰুটিনৰ অন্তৰ্গত হৈ পৰিছে, এক স্বাভাৱিক প্ৰক্ৰিয়া৷ এতিয়া হিচাপ দিবলৈ গ'লে বোধহয় মই ক'বই নোৱাৰিম যে শেষবাৰ মই কেতিয়া ফ্লাছ মাৰিছিলোঁ বা মাৰিছিলোঁ নে নাই৷ যদি মই পায়খানাৰপৰা বাহিৰলৈ আহিছোঁ, তাৰমানে মই ফ্লাছ মাৰিয়েই আহিছোঁ...... বোধহয়!!

গতিকেই শ্ৰীমতীৰ এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াটো কোনোদিন দৰকাৰী বুলি মই আজিলৈকে ভবা নাই৷ এইবোৰ অদৰকাৰী প্ৰশ্নৰ উত্তৰ দিবলৈ এটা ঘোপা চাৱনিয়েই যথেষ্ট৷ আৰু এই চাৱনিৰ পিছতেই আৰম্ভ হয় কাহিনী৷

- মই ফ্লাছ মৰা শব্দ নুশুনিলোঁ৷ যোৱাঁ আকৌ এবাৰ মাৰি আহাঁ৷

মোক এনেদৰে দুবাৰকৈ ফ্লাছ মৰোৱাই শ্ৰীমতীয়ে কি পৈশাচিক আনন্দ লাভ কৰে সেয়া মোৰ মগজুৰ পৰিধিৰ বাহিৰত৷
****

কাহিনীৰ আৰম্ভণী-

- ভিতৰখন একেবাৰে মলমলীয়া কৰি থৈ আহিছা নেকি?

পায়খানাৰপৰা ওলালেই শ্ৰীমতীৰ এই পেটেণ্টেড প্ৰশ্নৰ সন্মুখীন হওঁ৷ বিশেষকৈ যেতিয়া মোৰ পিছতেই শ্ৰীমতী লাইনত থাকে৷ নতুনকৈ বিয়াৰ পিছত মোৰ উত্তৰ আছিল বেছ ৰোমাণ্টিক, "নাই ডাৰ্লিং, গোন্ধাবলৈ কৰিলোনো কি৷" শ্ৰীমতীও সন্তুষ্ট, মিচিকিয়া হাঁহি এটা মুখত লৈ ভিতৰলৈ গমন কৰে৷

কিন্তু বিয়াৰ চাৰি বছৰ পিছতো একেই প্ৰশ্ন দিনে ৰাতিয়ে শুনি উত্তৰটো অকণমান সলনি হ'ল৷ এই কামোৰটো খালেই উত্তৰ দি দিওঁ, " মই কি জানো, গৈ শুঙি নাহা কিয় নিজেই৷" শীতল চাৱনিৰেই মোক মাৰ্ডাৰ কৰি নাকত সোপা দি মোক ভোৰভোৰাই গালি পাৰি শ্ৰীমতীৰ ভিতৰলৈ প্ৰৱেশ ঘটে৷

বিয়াৰ আঠ বছৰ পিছত এই প্ৰশ্নবোৰ বন্ধ হৈ পৰিল৷ বোধহয় শ্ৰীমতীৰ তেতিয়ালৈ মোক বুজিবলৈ বাকী নাথাকিল৷ তাৰ পৰিৱৰ্তে শ্ৰীমতীয়ে মই বাহিৰলৈ ওলোৱাৰ পিছতেই ভিতৰত ৰুম ফ্ৰেছনাৰৰ অভাৰ ড'জ প্ৰয়োগ কৰি ভিতৰলৈ যোৱা কৰিলে৷ আজিকালি সেই প্ৰশ্নবোৰ আৰু নাই, মই এতিয়া সুখী মানুহ৷ তথাপি মাজে মাজে মনলৈ ভাৱ এটা নহা নহয়, "এই গোন্ধৰ তীব্ৰতাটো বাৰু বিয়া হোৱা বয়সৰ সমানুপাতিক নেকি?"

বিয়া হোৱা বাৰ বছৰ পাৰ হ'ল৷ ছোৱালী দুজনীক লৈ আমাৰ সুখৰ সংসাৰ৷ আজিকালি দুয়ো দুটা বেলেগ টয়লেট  ব্যৱহাৰ কৰোঁ৷ মানে এতিয়া আমি সকলো ফালৰপৰাই সুখী৷

ঠিক তেনেকুৱা সুখৰ দিন এটাতেই এদিন ৰাতিপুৱা.......

"ফ্লাছ মাৰিলানে????"

No comments:

Post a Comment