Friday 26 August 2016

::ক খ গ::

এয়া গল্প হয় নে নহয় সঠিককৈ কোৱা অলপ অসুবিধা৷ পিছে বেলেগ একো বুলি ক'বলৈও ভাবি পোৱা নাই বাবে সদ্যহতে গল্প বুলিয়েই কৈ থোৱা উচিত হ'ব বুলি ভাবিলোঁ ৷

গল্পটোৰ প্ৰধান চৰিত্ৰ হ'ল সেই কমাৰ্চ কলেজৰ বাৰাণ্ডাৰে চেণ্ডেল চোঁচৰাই গৈ থকা সেই ল'ৰাটো৷ বহুতো ঘাটৰ পানী ঘোলা কৰি বৰ্তমান সি বিশুদ্ধ পানীৰ সন্ধানত৷ অন্তত:, বন্ধুমহলৰ আগত সি তেনেকৈয়ে কৈছে৷ বহু কামত সি ভাল৷ ৰাজহুৱা কামত সি সদায় আগত৷ হস্পিটেলত নাইট এটেণ্ডেণ্ট, কোনোবাক তেজ দিয়া ইত্যাদি কামত সি সদায় আগত৷ কিন্তু........

বজাৰত তাৰ বিষয়ে নানা গুজৱ প্ৰচলিত৷ নানা অভিযোগ৷ মদ খাই উঠি ৰাতি গাৰ্লছ হোষ্টেললৈ উদ্দেশ্যি মৰা চিঞৰকেইটা যে তাৰেই সেই বিষয়ে কাৰো সন্দেহ নাই৷ কিছুদিন আগতে চান্দমাৰীত ৰাতি বজাৰ কৰিবলৈ আহোঁতে নাথ ছাৰৰ ডাঢ়িকোঁচাত টান মাৰি পলোৱা অৱয়বটো তাৰেই বুলি নাথ ছাৰে আজিও দৃঢ় বিশ্বাসেৰে কয়৷ কস্তুৰীৰ দেউতাক 'নৰেন তপা'ক সদায় হেলিকপ্টাৰখন লেণ্ড কৰিবলৈ হেলিপেড বিছাৰি কৰা ফোনকেইটা তাৰ হোষ্টেলৰ কাষৰ পি চি অ'টোৰপৰাই যায়৷ পিছে তাৰ সন্মুখত ক'বলৈ কাৰো সাহস নাই৷ গতিকে সি সেইবোৰ পাত্তা দিব লগা বিষয় বুলি কোনোদিনেই ভবা নাই৷

পৰৱৰ্তী চৰিত্ৰ হ'ল দুই বান্ধৱী৷ একেবাৰে ফেচবুকত 'মাহ বেষ্টী' বুলি একেলগে ফটো দিব পৰা দুই বান্ধৱী৷ দুইজনীয়ে সকলো ছিক্ৰেট শ্বেয়াৰ কৰে, একেলগে বজাৰ, ৰেষ্টোঁৰা সকলোতে যায়৷ দুয়োৰে চেহেৰা বা সৌন্দৰ্য্য লৈ বিশেষ বৰ্ণনা কৰি লাভ নাই৷ কাৰণ ল'ৰাটোৱে ভাবে যে নাৰী মানেই সুন্দৰ৷ আৰু এই গল্পটো যিহেতু ল'ৰাটোৰ গতিকে সি কি ভাবে সেয়াহে জৰুৰী৷ তথাপি পুৰুষ পঢ়ুৱৈ কেইজনমানৰ মন কুটকুটাই থাকিব বুলি ভাবি চমুকৈ কৈ থ'লো, ছোৱালী দুজনী ধুনীয়াতেই পৰে৷ বিশেষকৈ প্ৰথমজনীৰ দুই গালত পৰা ডিম্পল দুটাক লৈ ইতিমধ্যে কলেজতে  অফিচিয়েলী বাৰটা কবিতা ৰচনা হৈ গৈছে৷ বিশ্বাসযোগ্য সূত্ৰৰ মতে আনঅফিচিয়েল কবিতাবোৰৰ এটাৰ ৰচক কলেজৰেই তালুকদাৰ ছাৰ৷

কিছুদিন আগতে ল'ৰাটোৰ অলপ সমস্যা চলি আছিল৷ তাতে আকৌ দুখনত বেক লগাৰ পিছত দেউতাকেও এক্সট্ৰা টকা পঠিয়াবলৈ বন্ধ কৰিছে৷ গতিকেই সমস্যাবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে৷ কিন্তু এতিয়া লাহে লাহে সমস্যাবোৰৰ লগত সি এডজাষ্ট হ'ব পাৰিছে, মানে হ'ব লগাত পৰিছে৷
সেই সময়তে দুই বান্ধৱীৰ লগত তাৰ কথা-বাৰ্তা বাঢ়ি যায়৷ মৰেল ছাপৰ্ট, মিঠা মিঠা কথা- আবদাৰ, ওচৰৰ অফিচটোৰ ৱাই ফাই পাছৱৰ্ড চুৰি কৰি কৰা ৰাতিৰ সেই উজাগৰী চাটিং আদিৰ মাজেৰে  তিনিওৰে মাজত দুটা সম্পৰ্ক গঢ় লৈ উঠে৷ বৰ্তমান সম্পৰ্ক দুটা এনে এক পৰ্য্যায় গৈ পাইছে যে তাৰ নামকৰণ অতি জৰুৰী হৈ পৰিছে৷ তাৰ বাবে জৰুৰী নহলেও আইদেউহঁতৰ বাবে৷

ধৰি  ল'লো ল'ৰাটোৰ নাম 'ক' আৰু ছোৱালী দুজনীৰ নাম 'খ' আৰু 'গ'৷ প্ৰশ্ন উঠিব পাৰে এনে অদ্ভূত নাম দিয়াৰ কি দৰকাৰ৷ ইয়াৰ উত্তৰ হৈছে মই দিবলৈ একো ভাল নাম বিছাৰি পোৱা নাই বা মোৰ নাম দিবলৈ মন যোৱা নাই৷ এনেকুৱাও হ'ব পাৰে যে ল'ৰাটোৰ নাম দিলে আমাৰ আড্ডাৰ 'বগা শগুণ' বা ছোৱালীদুজনীৰ নাম দিলে হেদায়েৎপুৰৰ ৰিজুলদা আৰু কছাৰী বস্তিৰ ৰতনে মোক মিহি মিহিকৈ বজাই যাবও পাৰে৷

এতিয়ালৈ মিহি মিহিকৈ গঢ় লৈ উঠা সম্পৰ্ক দুটা হ'ল,
- ক আৰু খ ৰ মাজত৷
- ক আৰু গ ৰ মাজত৷

কিছুদিন পিছত ৰাতি ফেচবুকত চাটিং কৰি থাকোতে 'ক'ই 'খ'ৰপৰা এক দিব্যজ্ঞান লাভ কৰিলে৷ 'গ'ই হেনো কৈছে যে 'ক' ল'ৰাটো বৰ ভাল নহয়৷ চাৰিওফালে এফেয়াৰেই এফেয়াৰ৷ গতিকে তাই 'খ'ই যেন 'ক'ৰ লগত বেছি সম্পৰ্ক নাৰাখে৷ নৰখাটোৱেই মঙ্গল৷

দুদিন পিছত 'গ'ৰ মেছেজ৷ 'খ'ই হেনো তাইক 'ক'ৰ লগত বেছি ঘূৰিবলৈ মানা কৰিছে৷ 'ক' বৰ সুবিধাৰ নহয়৷ ইনবক্স চেনী খোৱাত 'ক' সিদ্ধহস্ত৷

গোটেই ঘটনা এইবাৰ চি এফ এল বাল্বৰ পোহৰৰ দৰে পৰিষ্কাৰ হৈ পৰিল৷ মিচিকিয়াই হাঁহি দুয়োকে একেলগে ইনবক্স কৰে,
" হাই ডিয়েৰ "৷

উত্তৰ দুয়োফালৰপৰাই আহিল, আগৰদৰেই৷ পাৰ্থক্য কেৱল এটাই৷ দুয়োজনীয়ে এইবাৰ তাৰ কথা গোপনে ৰাখিলে৷

সময়বোৰ পাৰ হয়৷ সম্পৰ্কৰ চোক বাঢ়ি আহে৷ এক জানুৱাৰীত দুয়ো 'ক'ৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ ইচ্ছা ব্যক্ত কৰে৷ প্ৰস্তাৱ শুনি 'ক' বিমোৰত পৰে৷ অৱশেষত বহুত ভাবি চিন্তি সি সন্মতি দিয়ে৷ সময় স্থান সকলো তাৰ পচন্দৰ৷ খেলিমেলিৰ কোনো অৱকাশ ৰাখিব বিছৰা নাই সি৷ তাৰ পচন্দৰ ৰং নীলা, আৰু সি নাৰীক শাৰী পিন্ধিলে খুব ধুনীয়া দেখে৷ সেই গধূলিয়েই দুই বান্ধৱীক একে সময়ত বেলেগ বেলেগ ঠাইত দেখা গ'ল৷ 'খ'ক ফাঁচী বজাৰত আৰু 'গ'ক দেখা গ'ল পেন্টালুনত৷ উদ্দেশ্য একেই৷ মেটচিং কাণফুলি৷

এক জানুৱাৰীৰ দিনা সময়মতে আহি নিৰ্দিষ্ট স্থানত 'খ' হাজিৰ হয়৷ 'খ'ৰ মন থৌকিবাথৌ৷ আজি তাইৰ জন্মদিন৷ পুৱাৰপৰা 'থেংক ইউ' কৈ কৈ ঠাণ্ডাত ফটা ওঁঠ দুটাৰ বিষ উঠি গৈছে, কিন্তু মন ভৰা নাই৷ হোৱাটচ্ আপত এক জিবি মান কেক জমা হৈছে, কিন্তু খাবলৈ ভাগ্যত এটা বুন্দিয়াৰ লাড্ডুও এতিয়ালৈ পোৱা নাই৷ তথাপি তাই চুপাৰ এক্সাইটেড্৷ কাৰণ আজি 'ক'ই জন্মদিনৰ বিশেষ উপহাৰ দিয়াৰ প্লেন কৰিছে৷ চাওঁতে চাওঁতে আধা ঘণ্টা পাৰ হ'ল, 'ক'ৰ খবৰ নাই৷ ফোন তেতিয়াৰপৰা ৱেইটিং৷ এনেই থকাতকৈ বয়জ হোষ্টেলৰ টেংকিটোৰ ওচৰত থাকি নোদোকা হোৱা গাহৰিটোৰদৰে মুখ জোঙা কৰি ছেলফি এখন লোৱাৰ যো-জা কৰোঁতেই  'গ' আহি তাইৰ সন্মুখত হাজিৰ হয়৷ পিন্ধনত প্ৰায় একেই শাৰী, একেই কাণফুলি৷ যোৱাবাৰ 'গ'ৰ জন্মদিনৰ দিনা দিনটো একেলগে সময় কটোৱাৰ পিছত একে দোকানৰপৰা দুয়ো কিনা শাৰী৷ সৰুসুৰা ঝটকা লাগিলেও  একতা কাপুৰৰ ছিৰিয়েলৰ হিৰ'ইনৰদৰে দুয়ো নিজকে চম্ভালি ল'লে৷ ফলস্বৰূপে লগে লগে ফেচবুকত আপডেট আহি গ'ল,
" ছেলফি উইথ মাহ বেষ্টী "৷ সাইলাখ কাট্ৰিনা- কৰীণা৷ বয়জ হোষ্টেলে দিয়া মাইকী গাহৰি দুজনীৰ নাম৷

কিছু সময় দুয়ো দুয়োকে চালে-বেৰে কোবোৱা উত্তৰ দিলেও উভয়ৰে পৰ্দা ফাছ কৰিবলৈ দুয়োকে বেছি সময় নালাগিল৷ প্ৰতি বছৰে দুয়ো এক জানুৱাৰীত দৌলগোবিন্দলৈ যায়৷ কিন্তু এইবাৰ!!!!

'ক' সেই তেতিয়াৰপৰা ৱেইটিঙত৷ তাৰ মাজতে কেতিয়া দুয়োৰে ফটোখন লাইক কৰিলে দুয়োজনীয় পাত্তাই নাপালে৷ 'খ'ৰ যোৰহটীয়া আৰু 'গ'ৰ নলবৰীয়া গালিৰ ফ্ৰিকুৱেন্সী একদম মিলি গ'ল৷  হেঁপাহ পলুৱাই দুয়ো মিলি 'ক'ক গালি পাৰি তাৰ চৈধ্য গোষ্ঠী উজাৰি একেলগে চিঞৰি উঠে,
- অ'ই অটো, দৌলগোবিন্দলৈ যাবা?

দুয়ো অটোৰ ভাড়াৰ দৰদাম কৰি থাকোঁতেই সেই সুযোগতে ওচৰৰে নিৰঞ্জন দোকানীয়ে বহুদিনৰপৰা চাফা কৰিবলৈ সময় নোপোৱা কণামাকৰিখিনি সৰুৱাই ল'লে৷ অৱশেষত নিৰঞ্জনৰ কণামাকৰি আৰু  অটোৱালাৰ কাণৰ পৰ্দা খহাই দুয়ো দৌলগোবিন্দলৈ যাত্ৰা আৰম্ভ কৰিলে৷

দুয়োকে অটোত উঠি গুছি যোৱা দেখি 'ক' ৰাস্তাৰ সিপাৰে থকা চাহ দোকানখনৰপৰা ওলাই আহে৷ আজি ট্ৰিপল চেলিব্ৰেচন, এতিয়া খানাপাৰালৈ যোৱাৰহে কথা৷ এনেই এক জানুৱাৰী বুলি কোৱাৰ্টাৰ এটা খোৱাটো নিয়মতে পৰে৷ তাতে আকৌ 'খ' আৰু 'গ'ৰ পুনৰমিলন৷

তথাপি বেছি খৰছ কৰি পেলোৱাটো উচিত নহ'ব নেকি? ফোনৰ সিপাৰে থকা হট 'ঘ'জনীয়ে বা আজি গধূলিলৈ কিমান টকাৰ ঝটকা দিয়ে৷ আইদেৱে দেখোন মেইনলেণ্ড চাইনাৰ তলত কথাই নকয়!!!

এইফালে আকৌ অহা মাহত বৰ্মন ছাৰ হোষ্টেল ৱাৰ্ডেন হৈ আহিব বুলি মাৰ্কেটত খবৰ আছে৷ সেই পাঁচ বছৰ আগতেই দেখা জীয়েকজনী এতিয়ালৈ বৰ এজনী হৈছে চাগে৷ চেহ তাইৰ নামটোৱেই মনত নপৰা হ'ল নহয়৷ এ নাম বাদ দে৷ কিবা এটা নাম দি ল'লেই হ'ল..... যেনে, 'ঙ'!!

(লেখাটো কথিত ৰুপত 'অৱগুন্ঠন'ত পূৰ্বে প্ৰকাশিত)

*****

No comments:

Post a Comment