Friday 26 August 2016

হাৰিবলৈ নিশিকা সেই ল'ৰাজন

সৰুতে এটা চখ আছিল৷ মোৰ লগত একে মাহত জন্ম হোৱা বিখ্যাত মানুহৰ নাম সংগ্ৰহ কৰা৷ স্বভাৱটো পিছলৈও থাকি গ'ল৷ খেল সদায়েই প্ৰথম প্ৰেম আছিল, গতিকে খেলুৱৈৰ নাম যোগাৰ কৰাৰ চখটো অলপ বেছি আছিল৷ তেণ্ডুলকাৰ, কাছপ'ভ আদি বহুতো নাম যোগাৰ হৈছিল৷ লাহে লাহে অলপ ডাঙৰ হ'লো৷ দেউতাৰ লগত পৰি সকলো খেল চোৱাত লাগিলো৷ বোধহয় মাৰ্বল খেলৰ টুৰ্ণামেন্ট হ'লেওঁ দেউতা আৰু মই একে উৎসাহেৰেই চালোহেতেন৷ এদিন এই বিখ্যাত নামবোৰৰ লগত আৰু এটা নাম যোগ হ'ল৷ যুগৰাজ সিং!! যুগৰাজৰ লগত মোৰ জন্মৰ চনটো পৰ্য্যন্ত একে৷ মাত্ৰ দহদিনৰ ইফাল সিফাল৷ যি সময়ত মই নিষ্কৰ্মাই কলেজলৈ যোৱাৰ নামত চহৰীয়াৰ দোকানৰ আগত বহি ছোৱালী চাওঁ, দেউতাৰ ভঙা কাইনেটিক হোণ্ডা খনত কলেজ আহিবলৈ কিক মাৰো, তেতিয়া যুগৰাজৰ 'ড্ৰেগ ফ্লিকে' লাহে লাহে পৃথিৱী কপাবলৈ আৰম্ভ কৰিছিল৷

হকী, হয় হকী খেলিছিল যুগৰাজে৷ দহ বছৰমান বয়সৰ পৰা টিভিত হকী চোৱাৰ চখ এটা হৈছিল৷ ধনৰাজ পিল্লাই, গগন অজিত সিং আছিল আমাৰ হিৰো৷ অলপ বেকা গছৰ ডালৰ সন্ধানত আমি পিটপিটাই ফুৰিছিলো৷ উদ্দেশ্য এদাল হকীষ্টিক যোগাৰ কৰা৷ গ'লকীপাৰে পিন্ধিবলৈ দেউতাহ'তৰ সেই প্ৰকাণ্ড হেলমেট কেইটা আছিলেই৷

অমৃতসৰৰ এটা খেলুৱৈ পৰিয়ালত যুগৰাজৰ জন্ম হৈছিল৷ বায়েক ৰাজবীৰ কৌৰ আছিল ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক আৰু অৰ্জুন বটা বিজয়ী৷ ঘৰ বা অঞ্চলটোৰ পৰিবেশৰ প্ৰভাৱত অন্য প্ৰায় সকলো সমনীয়াৰ দৰে যুগৰাজেওঁ অতি কম বয়সতেই হাতত তুলি লৈছিল হকীষ্টিক৷ বাকীবোৰৰ সৈতে যুগৰাজৰ এটাই পাৰ্থক্য আছিল৷ যুগৰাজ আছিল অতি টেলেন্টেড৷ বিখ্যাত সুৰজিৎ সিং হকী একাডেমীত যুগৰাজে হকীৰ আদিপাঠ শিকিবলৈ আৰম্ভ কৰে৷ পিছলৈ যুগৰাজে এয়াৰ ইণ্ডিয়া হকী একাডেমীৰ পৰা ট্ৰেইনিং লয়৷ লেফ্ট ফুল বেক হিচাপে খেলা যুগৰাজ আছিল অতি ক্ষীপ্ৰ, চতুৰ আৰু মনোযোগী খেলুৱৈ৷ যুগৰাজৰ বিস্ময়কৰ প্ৰতিভা নিৰ্বাচকৰ চকুৰ পৰা সাৰি নগ'ল আৰু তাৰেই ফলশ্ৰুতিত তেওঁ সোতৰ বছৰ বয়সত এছিয়া কাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে৷

হকীৰ বিষয়ে অলপ হ'লেওঁ খবৰ ৰখা জনে ভাৰতৰ প্ৰথমজন বিশ্বশ্ৰেণীৰ 'ড্ৰেগ ফ্লিক এক্সপাৰ্ট'ৰ নাম ল'বলৈ হ'লে নিসন্দেহে যুগৰাজৰ নামেই ল'ব৷ ভাৰতীয় দলে সেই সময়ত তেনে এজন খেলুৱৈৰ সন্ধানতেই আছিল৷ যুগৰাজৰ দলত পায় প্ৰশিক্ষকে স্বস্তিৰ নিশ্বাস এৰিলে৷ দলত নিৰ্বাচিত হোৱাৰ পিছৰ বছৰেই চেম্পিয়নচ্ ট্ৰফীত পাঁচটা গ'ল কৰি তেওঁ ভাৰতৰ ক্ৰীড়া মহলত এক চিনাকী নাম হৈ পৰিল৷

কিন্তু বিশ্বই যুগৰাজক চিনি পাবলৈ তেতিয়াওঁ বাকী আছিল৷ আৰু যুগৰাজে নিজকে চিনাকী কৰি দিবলৈ আপেক্ষাত আছিল এক বিশেষ ক্ষণৰ৷ ২০০৩চন, চেম্পিয়নচ্ ট্ৰফী৷ প্ৰতিদ্বন্দী চিৰবৈৰী পাকিস্থান৷ লেফ্ট বেক হিচাপে যুগৰাজে দলৰ নিজৰ স্থান ইতিমধ্যে নিগাজী কৰি লৈছিল৷ দিলীপ তিৰ্কী আৰু যুগৰাজৰ যুগলবন্দী ইতিমধ্যে অন্য দলৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিছিল৷

০-২৷ খেলৰ প্ৰথম বিশ মিনিটতেই ভাৰতৰ অৱস্থা তথৈবচ৷ ৰেহান বাট আৰু নাদিম আহমেদৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ একো সুঁযোগেই নাপালে ভাৰতে৷
লগৰবোৰে লাহে লাহে টিভিৰ আগৰপৰা উঠি কেৰমত লাগিলগৈ৷ সেইফালে নবৰ ৰুমৰ পৰা গোলাপীৰ গোন্ধ৷ তথাপি কেইজনমান বহি ৰ'লো৷ দেখা যাওঁক কি হয়৷

বিশ মিনিটৰ পিছতেই ভাৰতে এটা পেনাল্টী কৰ্ণাৰ পালে৷ আমাৰ চিঞৰ বাখৰত কেৰম সাময়িকভাৱে স্থগিত হ'ল৷ আশা কৰা মতে যুগৰাজ আহিল শ্বট ল'বলৈ৷ যুগৰাজে কিবা কৰিবই লাগিব৷ বচ্ আমি বেলেগ একো নাজানো, নুবুজো৷ যুগৰাজে যিটো স্পীডত শ্বট ল'লে, আমি একো নেদেখিলো৷ কেৱল শুনিলো কমেন্ট্ৰী টিমৰ চিঞৰ, দৰ্শকৰ চিঞৰ৷

১-২৷

আমাৰ ফুৰ্তি বেছি সময় নাথাকিল৷ স্কোৰ আকৌ ১-৩৷ পিছে যুগৰাজে সেইদিনা কি ভাবি ফিল্ডত নামিছিল নাজানো৷ হাফ টাইমৰ ঠিক আগে আগে স্কোৰ আকৌ ২-৩৷ আকৌ পেনাল্টী কৰ্ণাৰ৷ আকৌ যুগৰাজ৷

তন্ময় আৰু যুগৰাজৰ জন্ম একেদিনাই৷ ভাৰত জিকিলে তিনি কেজি ব্ৰইলাৰ লগে লগে অনাৰ ঘোষণা কৰি দিলে সি৷ পৃথিৱীয়েওঁ গম পালে, ধনৰাজ পিল্লাইৰ পিছত ভাৰতৰ গুৰি ধৰিবলৈ কোনোবা আহি পালে৷

যুগৰাজে প্ৰাণ সঞ্চাৰ কৰা ভাৰতীয় দল হাফ টাইমৰ পিছত সম্পূৰ্ণ বেলেগ হৈ পৰিল৷ গোটেই খেলৰ বিৱৰণী দিবলৈ গ'লে গুগল খুচৰিব লাগিব৷ গতিকে থোৰতে কৈ থওঁ৷ ৭-৪৷ খেল শেষ হ'বলৈ পোন্ধৰ মিনিট থাকোতে ভাৰতীয় দলে অবিশ্বাস্য খেল প্ৰদৰ্শন কৰি পাঁচটা গ'ল সুমুৱাই দিলে৷

দৰ্শক, নিউজ চেনেল আনন্দত আত্মহাৰা হৈ পৰিল৷ মধ্যমণি যুগৰাজ৷ পাকিস্থানৰ চোহেইল আব্বাচক নিসন্দেহে পৃথিৱীৰ শ্ৰেষ্ঠ ড্ৰেগ ফ্লিকাৰ বুলি চাগে সকলোৱে মানি ল'ব৷ সেইখন খেলতে আব্বাচৰ তিনিটা পেনাল্টী কৰ্ণাৰ যুগৰাজে হেলেৰাঙে ওফৰাই পেলাইছিল৷ ফলত চোহেইল আব্বাচে চতুৰ্থটো কৰ্ণাৰ মাৰিবলৈ নাহিলেই৷ ক্ৰিকেট বলীয়া ভাৰতৰ কিছুমান খেলপ্ৰমীয়ে হয়তো ইয়াৰ গুৰুত্ব নুবুজিব৷ তেওঁলোকে বুজিবলৈ এটা উদাহৰণ দি দিলো- তেণ্ডুলকাৰে ব'লাৰৰ ভয়তে বেটিং কৰিবলৈ নাহিলেই৷

২০০৪ চনৰ এথেঞ্চ অলিম্পিকৰ বাবে প্ৰস্তুতি তুংগত৷ সমগ্ৰ হকীপ্ৰেমী যুগৰাজহঁতক লৈ আশাবাদী৷ কিন্তু এই আশা ভংগ হ'বলৈ বেছি সময় নালাগিল৷ ৩ চেপ্তেম্বৰ, ২০০৩ চনত যুগৰাজে বন্ধুবৰ্গৰ সৈতে বাহিৰত নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ আহি আছিল৷ গাড়ী চলাই থকা যুগৰাজে সন্মুখত আহি পৰা ৰিক্সা চালক এজনক বচাবলৈ গৈ দুৰ্ঘটনাক সাৱটি ল'লে৷ দেহৰ গোটেই সোঁফালটোত বিভিন্ন ঠাইত ফ্ৰেকচাৰ হ'ল আৰু বহুকেইটা অপাৰেচনৰ পিছতহে যুগৰাজ কোনোমতে পেং লৈ থিয় দিব পৰা হ'ল৷

এই দুৰ্ঘটনাৰ কিছুদিন পিছতেই ভাৰতীয় দলে পাকিস্থানক হৰুৱাই এছিয়া কাপৰ খিতাপ জয় কৰিলে৷ ট্ৰফী লৈ সমগ্ৰ দল হস্পিটেললৈ আহিল এই সাফল্য যুগৰাজৰ লগত ভগাই ল'বলৈ৷ চলচলীয়া চকুৰে ধনৰাজ পিল্লাই ঠিকেই অনুভৱ কৰিলে নিজৰ উত্তৰসুৰীক হেৰুৱাৰ বেদনা৷

পিছৰখিনি লিখিবলৈ বৰ এটা উৎসাহ নাপাওঁ৷ নিজৰ মনৰ জোৰত যুগৰাজ আকৌ ফিল্ডলৈ উভতি আহিল৷ কিন্তু চিৰদিনলৈ হেৰাই গ'ল সেই বিখ্যাত 'ড্ৰেগ ফ্লিক'৷ ফলত লাহে লাহে হেৰাই গ'ল হকীৰ পৃথিৱীৰ পৰা৷ অন্য দলে যেতিয়া গ'লৰ পিছত গ'ল কৰিবলৈ ধৰিলে, সেই মূহুৰ্তত ভাৰতৰ হাতত সেই পজিচনৰ বাবে উত্তৰ আছিল কেৱল প্ৰবীণ দিলীপ তিৰ্কী, যাৰ কৌশল ইতিমধ্যে কামৰ হৈ থকা নাছিল৷

চোহেইল আব্বাচে হেনো যুগৰাজৰ মাজত ডেকা কালৰ চোহেইল আব্বাচক দেখিছিল৷ চোহেইল আব্বাচৰ মুখৰ এই বাক্যতকৈ ডাঙৰ কৃত্তিত্ব চাগে এজন হকী খেলুৱৈৰ বাবে একো নোৱাৰে৷
সকলোৱে কয় চকুৰ আতৰ হ'লে মনৰো আতৰ হয়৷ আমাৰ ক্ষেত্ৰটো তাকেই হৈছিল৷ যুগৰাজৰ কথা হয়তো সকলোৱেই পাহৰিছিল৷ কিন্তু দেশমাতৃক সেৱা কৰিবলৈ চিৰপ্ৰস্তুত যুগৰাজে দেশৰ প্ৰতি থকা নিজৰ কৰ্তব্য পাহৰা নাছিল.....
********************
"এচ এচ পিৰ সৈতে আমি ৰাতিপুৱা ৮ বজাত দিনানগৰৰ ঘটনাস্থলীত উপস্থিত হৈছিলো৷ থানাৰ আশে পাশে আমি পজিচন লৈ আছিলো৷ তেনেতে মই এবাৰ খিৰিকীৰ কাষত এজন আতঙ্কবাদীক দেখা পালো৷ তাক লক্ষ্য কৰি মই গুলী চলোৱা আৰম্ভ কৰিলো৷ কিছু সময় পিছত তাৰ নিথৰ দেহ মই খিৰিকীৰে প্ৰত্যক্ষ কৰিলো৷ হাতেৰেই  ইংগিত দি দিয়া হ'ল এচ এচ পিক-  'ৱান ডাউন'...."

শেহতীয়াকৈ পঞ্জাৱত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সম্বন্ধে সেইদিনা ঘটনাস্থলীত থকা এজন ডি এচ পিৰ ভাষ্য এয়া৷ ঘটনাটোৰ লগত জড়িত খবৰৰ এটা সাধাৰণ টুকুৰা৷ কিন্তু মোৰ বাবে এই খবৰটো যেন অলপ কিবা বিশেষ৷ কাৰণ এই ডি এচ পিজনৰ নাম যুগৰাজ সিং৷ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সেই যুগৰাজ৷

যিকোনো পৰিস্থিতিত হাৰ মানিবলৈ নিশিকা যুগৰাজক লৈ আজি মই আৰু বেছি গৌৰবান্বিত৷

No comments:

Post a Comment