Friday 26 August 2016

:: প্ৰেগনেন্সী ::

ৰাতি বাৰটামান বাজিছে৷ ফেচবুক খুচৰি আছিল মনোজে৷ হঠাৎ চাটিঙৰ স্ক্ৰীণ এখন খোল খালে৷

- ব্যস্ত নেকি?
- বিশেষ নহয়৷ কোৱা৷
- এটা বৰ চিৰিয়াচ সমস্যা হৈছে৷
- কি?
- মই প্রেগনেন্ট।
- কি??
- সঁচা কৈছো৷
- ধেই এই ৰাতিখন ফটুৱামি৷
- ফটুৱামি নহয়৷ মই বিৰাট টেনচনত আছো৷
- কি পাগলামী! শুই থাকা৷
- প্লিজ, মই সঁচাকৈ কৈছো৷
- বাৰু সঁচা হয় দিয়া? পিছে কেনেকৈ গম পালা? টেষ্ট কৰাইছা?
- নাই৷
- তেন্তে? যা তা কৈ আছা যে?
- বিশ্বাস কৰা সঁচাকৈ কৈছো৷ ভিতৰত ঘুটুৱে লৰচৰ কৰি আছে৷
- কোন ঘুটু?
- মোৰ পেটৰ ভিতৰত থকাটো৷
- কিনো যি তি কৈ আছা এই ৰাতিখন৷ শুই থকা৷
- ঠিকেই কৈছো৷ বিশ্বাস কৰা, মই প্ৰেগনেন্ট৷
- উফ ৰাম!! ডাক্তৰক দেখুৱাইছা?
- অ'৷
- কি কৈছে?
- টেষ্টবোৰ কৰাব দিছে৷
- ঠিক আছে৷ ৰাতিপুৱা কৰাবা দিয়া৷ এতিয়া শুৱা৷
- টোপনি?? চিন্তাত অৱস্থা নাই মোৰ৷ কি বুলি কম ঘৰত? অন্তত তুমি মোৰ কথা বিশ্বাস কৰা৷ সকলোৱে উৰাই দিছে, এইফালে মোৰ অৱস্থা নাই৷
- কোনেওঁ বিশ্বাস কৰা নাই?
- নাই৷
- বঢ়িয়া৷ কিয় কৰিব?
- তুমিও নকৰা?
- নকৰো৷
-  :(   :(     :(
- উফফ! ঠিক আছে মানিলো৷ এতিয়া কি কৰিম কোৱা?
- আইডিয়া দিয়া কি কৰো এতিয়া৷
- মই কি আইডিয়া দিম?
- তুমিটো গল্প লিখি থাকা ফেচবুকত৷ তাৰ পৰাই কিবা আইডিয়া দিয়া৷
- সেইবোৰতো এনেই টাইম পাছ৷
- পাৰিবা তুমি৷ কোৱানা প্লিজ৷
- শুই থাকা৷ ভাল  উপায়৷
- তুমিও নুবুজিলা মোক৷   :(
- বাৰু বাৰু বুজিছো৷ তোমাৰতো বিয়া হোৱা নাই৷ তেন্তে ভয় কিহৰ?
- এইবোৰ হ'বলৈ জানো বিয়া হোৱা জৰুৰী৷ তুমি এতিয়াও মান্ধাতা যুগতে আছা৷
- মানে??
- নুবুজাৰ ভাওঁ নধৰিবা৷ তুমি সকলো বুজিছা৷
- বুজিছো দিয়া৷ এতিয়া?
- এতিয়া কি কৰো?
- মা- দেউতাক কোৱা৷ আৰু কি কৰিবা৷
- দেউতাই মোক মাৰি পেলাব মনোজ৷ প্লিজ হেল্প মি৷
- কি হেল্প কৰো কোৱা?
- মা- দেউতাহঁতে তোমাক বিৰাট ভাল ল'ৰা বুলি জানে৷
- হয় নেকি?
- অ'৷ তুমি স্বীকাৰ কৰি দিয়া৷
- কি?
- যে তুমি এই সন্তানৰ দেউতাক৷
- কি????
- হয়৷ তুমি স্বীকাৰ কৰিবই লাগিব৷ এসপ্তাহ আগতে তুমি আৰু মই একেখন প্লেটৰ পৰা ম'ম' খোৱা সকলোৱে দেখিছে৷
- হেইই!! ম'ম' আৰু পেগনেন্সীৰ সম্পৰ্ক কি?
- সম্পৰ্ক আছে৷ গভীৰ সম্পৰ্ক আছে৷
- কি ফাল্টু!! অই তই মোক দিগদাৰ নিদিবি আৰু৷ কৈ দিছো৷ যাৰ লগত শুইছিলি তাকে গৈ ধৰ৷
- মোক তই কৈছা যে? তোমাৰ লগত শুইছিলো সেইদিনা৷ মনত নাই??
- শুলে কি হ'ল?? তই দেখোন এটা মস্ত.... মস্ত হাতী৷
- হাতী হ'লে কি হ'ল মনোজ? হাতীৰ পোৱালি নহয় নেকি? সেইদিনা তোমাৰ চকুত মই কামনা- বাসনা সকলো দেখিছিলো৷ মই টোপনি যোৱাৰ পিছত চাগে....... তুমিয়েই মোৰ সৰ্বনাশ কৰিছা৷  :(   :(   :(

মানি লোৱা যে এই সন্তানৰ বাপেক তুমি৷ নহ'লে মই কাইলৈ কলেজত পৰ্দাফাশ কৰি দিম৷
- কি?? প্লিজ কামোৰ নিদিবা এই ৰাতিখন৷ পুৱাই টিউচন আছে মোৰ৷ শুবলৈ যাওঁ মই৷
- মই ধেমালি কৰা নাই৷ বি ৰেডী মিষ্টাৰ মনোজ....

মনোজে এখন নতুন চাটিং স্ক্ৰীণ খুলিলে৷

- অই অনুপ অনলাইন আছ?
- হমমম৷
- বিপুলে কি কৰি আছে?
- কি কৰিব আৰু৷ মাল খাই পেল৷ এতিয়া ম'বাইল লৈ ব্যস্ত৷
- আবে ৰুমত নেমু আছে যদি তাক খুৱাই দে অলপ৷ তেতিয়াৰ পৰা মাল খাই মোক ইনবক্সত কামুৰি আছে   :( .......

No comments:

Post a Comment