Friday 26 August 2016

:: মেগ, বেছী, হেমপ্ৰভাহঁতৰ কথাৰে::


‘Meg Foster stood on the platform in the recreation-room of Blake’s Mills. She was a very pretty girl of eighteen—fairly tall and well-made. And just at present her cheeks were flushed, and her eyes sparkling—she was heart and soul in her subject. Since the visit of the French team of lady footballers to Preston, the idea of playing football herself had taken a very firm hold in Meg’s mind.’

প্ৰথম বিশ্বযুদ্ধৰ কথা কম বেছি পৰিমাণে সকলোৱে জানে৷ এই যুদ্ধই ইউৰোপীয়ান, বিশেষকৈ ব্ৰিটেইনৰ নাৰী সমাজৰ জীৱন সম্পূৰ্ণৰুপে সলনি কৰি দিছিল৷ হঠাৎ তেওঁলোকে এনে কিছুমান কামত অগ্ৰণী ভূমিকা ল'ব লগা হৈছিল যিবোৰ কাম হয়তো কিছু বছৰ আগলৈ তেওঁলোকে কৰাৰ কথা কোনোকালে ভাবিব লগা হোৱা নাছিল৷ যিহেতু অধিকাংশ পুুৰুষেই যুদ্ধ আৰু আনুসাংগিক কামত জড়িত হৈ পৰিছিল গতিকেই মহিলাসকলেই পৰিয়ালৰ উপাৰ্জন আৰু সংসাৰ চলোৱাৰ সংগ্ৰামত ব্ৰতী হ'ব লগাত পৰিছিল৷ ফলস্বৰুপে তথাকথিত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাসকল সোমাই পৰিল৷ তেওঁলোকৰ ভাৱধাৰা, কানি- কাপোৰ, লক্ষ্য, ৰাপ আদি সকলোতে এই সলনিবোৰ দৃষ্টিগোচৰ হ'ল৷ ট্ৰাউজাৰ, হাফপেন্ট, বয়জ কাট চুলি সকলো নতুন ট্ৰেণ্ড হৈ পৰিল৷

'মহিলা ফুটবল'…… এই ধাৰণাটোৱেই সেই সময়ত জনপ্ৰিয়তা অৰ্জন কৰিলে৷ যদিও 'মহিলা ফুটবল' ১৯ শতিকাৰ শেষভাগৰ পৰাই প্ৰচলিত, কিন্তু বিশ্বযুদ্ধৰ পিছৰ পৰাহে এই ধাৰণাটো ইউৰোপত সৰ্বত্ৰ প্ৰচলিত হৈ পৰিল৷ আৰু সমান্তৰালভাৱে 'ফুটবল ফিকচন' হৈ পৰিল এক জনপ্ৰিয় ট্ৰেণ্ড৷

সংখ্যাগতভাৱে চাবলৈ হ'লে ফুটবলৰ ওপৰত ভিত্তি কৰি লিখা কাৰ্টুন, ফিকচন চিৰিজবোৰতো পুৰুষ সমাজৰেই প্ৰাধান্য আছিল৷ কিন্তু এই দুই এটা মহিলা ফুটবলৰ কাল্পনিক চৰিত্ৰই মহিলা সমাজক উৎসাহিত কৰিবলৈ যথেষ্ট আছিল৷ ফুটবলৰ সেই উন্মাদনা ঘৰৰ সেই সাধাৰণ মহিলাজনীৰ ধমনীলৈ বোৱাই নিয়াত ফুটবলৰ কাহিনীবোৰে  লৈছিল এক গুৰুত্বপূৰ্ণ ভূমিকা৷ ফুটবলৰ এই অন্য এক ৰূপে অতি সোনকালেই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিলে৷

লেখাটোৰ একেবাৰে ওপৰত লিখা পেৰেগ্ৰাফটো উইলিয়াম গ্ৰ'ভছে লিখা জনপ্ৰিয় মহিলা ফুটবল ফিকচন ' মেগ ফ'ষ্টাৰ- ফুটবলাৰ'ৰ পৰা তুলি দিয়া হৈছে৷ সমাজৰ বাধা, তিৰষ্কাৰ ওফৰাই এজনী সাধাৰণ ছোৱালীয়ে এক সফল ফুটবলাৰ হোৱাৰ কাহিনী এই গ্ৰন্থখনত বৰ সুন্দৰকৈ ফুটাই তোলা হৈছে৷

ইয়াৰ আগলৈ মহিলাসকলক লৈ লিখা কাহিনীবোৰক সাধাৰণতে মধ্যম বৰ্গীয় মহিলাসকলৰ জীৱনক লৈ লিখা হৈছিল৷ ফুটবল ফিকচনবোৰে এইক্ষেত্ৰত পৰিবৰ্তন আনিলে৷ এই কাহিনীবোৰে সাধাৰণতে কৰ্মৰত মহিলাৰ সংগ্ৰাম, সপোনবোৰ লৈ লিখা হৈছিল৷

ফুটবলৰ ওপৰত নিৰ্মিত সেই সময়ৰ এখন জনপ্ৰিয় মহিলা ফিকচন চিৰিজ আছিল ' বেছ অফ ব্লেকটাউন'৷ এখন সৰু চহৰ ব্লেকটাউনৰ কাহিনী আছিল এই চিৰিজৰ মুখ্য আকৰ্ষণ৷ বেছী বুথ নামৰ এজনী ফুটবল পাগল ছোৱালীৰ কাহিনীৰে আগবাঢ়িছিল ঘটনাৰাজি৷ গোটেই সপ্তাহটো তাই আৰু তাইৰ লগৰীয়াবোৰে পিটাৰ  হেনকাৰৰ মিলত পৰিশ্ৰম কৰিছিল৷ মিলৰ মালিক হেনকাৰ আছিল এজন ফুটবল বিদ্বেষী ব্যক্তি৷
শনিবাৰে আবেলিৰ পৰা বেছীহঁতৰ সপোনবোৰে বাস্তৱ ৰূপ লোৱা আৰম্ভ কৰিছিল৷ গোটেই ফুটবল পাগল ছোৱালীৰ দলটোৱে বেছীৰ নেতৃত্বত সপোনবোৰক বাস্তৱ ৰূপ দিছিল৷ গোটেই উপন্যাসখন বেছী আৰু হেনকাৰৰ সংঘাতৰ ওপৰত আধাৰিত৷ এডভেঞ্চাৰ, ৰোমাঞ্চ, বন্ধুত্ব আৰু সাহসৰ সংমিশ্ৰণেৰে এক অপূৰ্ব সৃষ্টি আছিল "বেছ অফ ব্লেকটাউন"৷

সেই সময়তে মেলকমৰ ' ৰে অফ ৰোভাৰ্চ'ৰ জড়িয়তে ৰাচেল চৰ্চালৈ আহিল৷ জনপ্ৰিয় ফুটবল কমিকচ 'ৰয় অফ ৰোভাৰ্চ'ৰ ওপৰত ভেজা দি লিখা এই চিৰিজোটো সমানেই জনপ্ৰিয় হৈছিল৷ পৰৱৰ্তী সময়ত ষ্টিভ নেলচনৰ 'নীল নিউকেচল' কমিক চিৰিজটোৱেও অনেক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷

থীম হিচাপে চাবলৈ গলে এই গোটেইবোৰ কাহিনীত আছিল অনেক সাদৃশ্য৷ সৎ, পৰিশ্ৰমী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবোৰে পুৰুষতান্ত্ৰিক সমাজৰ বাধা নেওচি নিজকে প্ৰতিষ্ঠা কৰি বহুজনক আগবাঢ়ি যাবলৈ উৎসাহিত কৰাৰ এক সুন্দৰ প্ৰচেষ্টা আছিল এই কল্প কাহিনীবোৰ৷ নাৰী স্বাধীনতাৰ ক্ষেত্ৰত এয়া আছিল এক অন্য ধৰণৰ পদক্ষেপ৷

এই সময়ত ফুটবল কেৱল ফুটবলেই হৈ থকা নাছিল৷ ই হৈ পৰিছিল পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ সাক্ষী, কাৰণ৷

সময়ৰ লগে লগে ফুটবল ফিকচনত মহিলাৰ কাহিনী কমি আহিল আৰু শেষত গৈ একেবাৰে নোহোৱা হৈ পৰিল৷ ১৯৯০ চনত নলীনাক্ষ ভট্টাচাৰ্য্যৰ উপন্যাসৰ নায়িকা হেমপ্ৰভা মিত্ৰৰ কাহিনীৰে প্ৰকাশ হয় 'হেম আৰু ফুটবল'৷ ১৯৯৫ চনত হেম আকৌ ঘূৰি আহিছিল 'হেম আৰু মেক্সিন'ৰ জৰিয়তে৷ কিন্তু তেতিয়ালৈ হয়তো ফুটবলৰ সংজ্ঞা মহিলাসকলৰ বাবে সলনি হৈ পৰিছিল আৰু সেইবাবেই হয়তো হেমপ্ৰভাই আগৰ কাহিনীবোৰৰ দৰে সমাজক আলোড়িত কৰিব নোৱাৰিলে৷ ফলত হেৰাই গ'ল হেমপ্ৰভা, আৰু মহিলা ফুটবলৰ জনপ্ৰিয়তা, টেকন'লোজিকেল উন্নতিৰ লগে লগে হেৰাই গ'ল বেছী,মেগ আৰু ৰাচেলৰ দৰে বহু কাল্পনিক তাৰকা৷

(বিভিন্ন ৱেবচাইটৰ পৰা সহায় লৈ লিখা হৈছে)

No comments:

Post a Comment