Friday 26 August 2016

:: কীট্ ::

বৰষুণ!!

বিধাতাৰ এক অপূৰ্ব সৃষ্টি এই অগ্ৰদূত৷ ক'লা মেঘৰ বুকু ফালি মুকুতাবোৰ খহি থাকে ধৰাৰ মাজলৈ, অবিৰাম… অহৰহ…

ঝৰঝৰ..ঝৰঝৰ!!!

প্ৰকৃতিৰ সেই আগৰ মাধুৰ্য্যতা আজি আৰু নাই৷ আজিৰ কংক্ৰীটৰ মহানগৰীৰ মাজত শৈশৱৰ সেই টোপালবোৰ হৈ ৰৈছে কেৱল স্মৃতি৷ এতিয়া বৰষুণ মহানগৰবাসীৰ বাবে হৈ পৰিছে ভয়ৰ কাৰণ৷ এতিয়া বৰষুণে কেৱল এৰি থৈ যায় জাৱৰ জোথৰৰ মাজত এখন কদৰ্য্যময় সমাজ৷ পানীৰ মাজত ডুবি থাকি এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগাৰ এক বিড়ম্বনা৷

এয়া সময়ৰ পৰিবৰ্তন? নে ক্ষুব্ধ প্ৰকৃতিয়ে ঘৃণাত এসোপামান থু চটিয়াই দিছে ঘুণে ধৰা এই সমাজলৈ?

গুৱাহাটী আকৌ ডুবিবলৈ সাঁজু হৈছে৷ চানমাৰী ফ্লাইঅভাৰত বৰষুণত তিতি বুৰি অকলশৰে বহি ৰৈছে এক বৃদ্ধ৷ এক নিৰুদ্বেগ দৃষ্টি তলফালে চলি থকা বতৰৰ নিষ্ঠুৰ ধেমালিলৈ৷

বৃদ্ধ!! হয় ৬৫ বছৰীয়া পৰেশ তালুকদাৰ সকলো ফালৰপৰা এক বৃদ্ধ ব্যক্তি৷ বয়সৰ বোজা, শৰীৰৰ অভ্যন্তৰৰ ক্ৰমবৰ্ধমান ৰোগে তালুকদাৰক যেন আৰু বেছিকৈ বাৰ্ধক্যৰ মুখলৈ ঠেলি দিছে৷

বৰষুণজাকে বাৰে বাৰে কোবাই গৈছে  তালুকদাৰক৷ ওপৰলৈ মুৰ তুলি চাওঁতেই বৰষুণজাকে মনত পেলাই দিলে শৈশৱৰ বহুতো স্মৃতি৷

বৰষুণজাক আহিলেই প্ৰথম কাম আছিল  বাহিৰলৈ দৌৰি গৈ বৰষুণজাকৰ লগত একাত্ম হোৱা৷

শৈশৱ গৈ কৈশোৰ আহিল৷ শৰীৰত পানী পৰিবলৈ নিদি বাৰাণ্ডাৰ পৰা কেৱল ভৰি দুখন তিয়াবলৈ প্ৰতিবেশী অম্বিকাই কৰি থকা চেষ্টাবোৰ লুকাই চুৰকৈ চাই থকাৰ বয়স!

চহৰীয়াৰ দোকানৰ একাপ গাখীৰ দিয়া চাহ, লগত এটা চিগাৰেট৷ যৌৱনৰ দুৱাৰদলিত সেয়া আছিল বৰষুণৰ সৈতে সম্পৰ্ক৷

তীব্ৰ গতিত পাৰ হৈ যোৱা গাড়ীৰ হৰ্ণৰ শব্দই বাস্তৱলৈ ঘূৰাই আনিলৈ তালুকদাৰক৷ বহু বছৰৰ মুৰত আকৌ বৰষুণজাকৰ প্ৰেমত পৰিছে তালুকদাৰ৷ মনত পৰিছে আৰতিৰ কথা৷

আৰতি!! তালুকদাৰৰ জীৱনবৃত্তৰ অবিচ্ছেদ্য অংগ৷ কিমান যে বৰষুণ পাৰ হৈ গ'ল আৰতিৰ হাতত নিজৰ হাত থৈ৷ দুখন উষ্ণ হৃদয় সিক্ত হৈছিল কোমল অমৃতধাৰৰ স'তে৷

প্ৰায় ২৫ বছৰ আগৰ স্মৃতি৷ এতিয়া ড্ৰইংৰুমত এটা আইনাৰ ফ্ৰেমত বন্দী সেই অতীত৷ ভালপোৱাৰ সেই মায়াজাল চিঙি আৰতি কেতিয়াবাই গুছি গৈছে অজান দেশলৈ৷

ল'ৰা- ছোৱালীহালক লৈ সুখৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰচেষ্টাত জীৱনে কেতিয়া তালুকদাৰক শুভ্ৰকেশী কৰি থৈ গ'ল সেয়া উভতি চাবলৈ আহৰিয়েই নাছিল তালুকদাৰৰ৷ কেলেণ্ডাৰৰ পাত সলনি হৈছে৷ বাবা আৰু মাজনী আকৌ উভতি আহিছে নাতি- নাতিনীৰ বেশত৷

পুত্ৰৰ নিৰ্লিপ্ততা, বোৱাৰীৰ অৱহেলা, পেঞ্চনৰ টকাকেইটাৰ মাজেৰে জীৱনটো ঠিকেই চলি আছিল তালুকদাৰৰ৷ তাৰ মাজতেই আহি পৰিল সেই বেমাৰটো৷ তালুকদাৰৰ প্ৰতি থকা বিশ্বাসৰ ৰঙীন পাত্ৰটোত যেন এটোপাল ক'লা ৰঙ পৰি পাত্ৰটো কৰি পেলালে কদৰ্য্যময়৷

ইমানদিনে ভগবানক বেৰসিক বুলিয়েই ভাবি আছিল তালুকদাৰে৷ জীৱন বাটৰ এই কেঁকুৰিত আহি আজি অনুভৱ হৈছে, ভগবান খুবেই ৰসিক৷ নহ'লে এই বয়সত "এইচ্ আই ভি পজিটিভ" নামৰ খেলটো তালুকদাৰৰ সৈতে খেলেনে?

প্ৰথমাৱস্থাত নিজৰ বিবেকে খুব জোৰে খুন্দা খাইছিল৷ কেনেকৈ??? ধুসৰ স্মৃতিৰে অতীতত ভ্ৰমি আহিছিল তালুকদাৰ৷ দুবছৰমান আগতে অফিচৰ কামত যাওঁতে এক ভিতৰুৱা এলেকাত মটৰ দুৰ্ঘটনা আৰু পৰৱৰ্তী পৰ্য্যায়ত স্থানীয় হস্পিটেলত ৰক্তগ্ৰহণ৷ ভুল কাৰ? কাক দোষ দিব? উত্তৰ শূণ্য৷

জীৱনটো চুটি হৈ পৰিছে৷ তথাপিওঁ থিয় হ'ব খুজিছিল৷ কিন্তু এয়া ইমান সহজ নাছিল৷ তালুকদাৰৰ আপোন সকলেই অলপ অলপকৈ খহাই পেলাইছিল থিয় দিবলৈ দৰকাৰ হোৱা মাটিখিনি৷ বিদ্ৰুপৰ গলিত লাভাস্ৰোতে একেবাৰে থিয় দিব নোৱাৰাকৈ তললৈ ঠেলি পঠিয়ালে এই বৃদ্ধক৷

চেষ্টা কৰিছিল বুজাবলৈ৷ নাই… কোনেওঁ নুবুজিলে৷ জীয়ৰীয়ে শহুৰৰ ঘৰত চলিব লাগিব, পুত্ৰই নিজৰ ষ্টেটাচ্ বচাই চলিব লাগিব, বন্ধু- আত্মীয়ৰ নাক কোঁচোৱা…… সকলোৰে সাক্ষী হৈ থাকিল চশমাৰ সিপাৰৰ সেমেকা চকুজুৰি৷ চৰিত্ৰত লগা ক'লা দাগৰ নিস্তাৰ বিচৰাৰ শক্তি আৰু এই বুঢ়া শৰীৰত নাই৷ তালুকদাৰেওঁ বুজে, সকলো ব্যস্ত৷ বুজিবলৈ চেষ্টা কৰিলেওঁ বুজাৰ সময় নাই কাৰো ওচৰত৷ বিশেষকৈ তেওঁৰ দৰে এক অচল টকাৰ বাবে৷ তথাপিওঁ কেতিয়াবা বেয়া লগাটো স্বাভাৱিক৷

নাতি- নাতিনীক বুকুৰ মাজত লৈ শুনোৱা সাধুবোৰ, ল'ৰাই মাঘবিহুত বজাৰ কৰিবলৈ লৈ যোৱা দিনবোৰ, ছোৱালীয়ে মেইল কৰিবলৈ শিকোৱা, যোগ্য সন্মান…… বাস্তৱবোৰ কি দ্ৰুতগতিত আকৌ সপোন হৈ পৰিল৷

মানুহৰ বিশ্বাসবোৰ ইমানেই থুনুকা? নে সকলো বেছিকৈয়ে প্ৰেকটিকেল হৈ পৰিল?

হয়তো এয়াই সত্য, পৃথিৱীৰ নিয়ম!

মনৰ আকাশখন আজি ডাৱৰীয়া৷ চকুৰ বাৰিষাবোৰেওঁ আকাশখন মুকলি কৰিব পৰা নাই৷ জীৱনে এই বিয়লি বেলাত এক নতুন ৰঙ দেখুৱালে তালুকদাৰক৷ পাৰিবনে এই বৰষুণে এই কদৰ্য্য ৰঙবোৰ ধুই নিব?

ফ্লাইঅভাৰত হেলান দি বৰষুণত বিলীন হৈ গৈছে এই বৃদ্ধ৷ বৰষুণৰ গতি বাঢ়ি গৈছে৷ গাড়ীৰ লাইটৰ পোহৰৰ বাদে ৰাস্তাটোত একো মনিব পৰা নাই তালুকদাৰে৷ তীব্ৰবেগেৰে পাৰ হৈ গৈছে গাড়ীবোৰ৷ গুৱাহাটী ডুবাৰ আগতে সকলোৱে গন্তব্যস্থানত গৈ পোৱাৰ প্ৰতিযোগিতা৷ আন্ধাৰ হৈ আহিছে৷ তালুকদাৰো সোনকালে গন্তব্যস্থান গৈ পাব লাগিব৷ হাতত সময় যে একেবাৰে তাকৰ৷ সেইবাবে এই অৱস্থাটো ৰুগীয়া শৰীৰেৰে হস্পিটেলৰ পৰা মনে মনে ওলাই আহিছে৷

সেই গাড়ীখন ইমান জোৰে আহিব ধৰিছে!! জীৱনত কল্পনা নকৰা বহুতো কাম কৰি পেলোৱা যায়৷ প্ৰয়োজন মাত্ৰ এটা pushৰ৷ অসন্মান আৰু অৱজ্ঞাৰ সন্মিলিত pushটোৱে অৱশেষত গাড়ীখনৰ সন্মুখলৈ যাবলৈ তালুকদাৰক স্বত:স্ফূৰ্তভাৱে ঠেলি দিলে৷

কলংকিত হৈ ৰ'ল বৰষুণজাক, নিউজ চেনেলত এটা ব্ৰেকিং নিউজ হৈ পৰি ৰ'ল তালুকদাৰ৷ বৰষুণজাকক লৈ কাৰো মনত কোনো বেয়া ভাব নাই৷ থকা উচিতো নহয়৷ সমাজে এক তথাকথিত বৃদ্ধ কীটৰ পৰা মুক্তি পালে৷

ক্ষতি কি..?

No comments:

Post a Comment